DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

ইউনেস্ক'ৰ বিশ্ব এছিয়া-প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক পঞ্জীৰ স্মৃতি শিতানত ভাৰতীয় লোককথাৰ গ্ৰন্থ ৰামচৰিতমানস, পঞ্চতন্ত্ৰ আৰু সহৃয়ালোকা- লোকানাক অন্তৰ্ভুক্ত কৰা হৈছে।
UNSCO

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

দেশৰ কল্যাণ আৰু পৰবৰ্তী কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ গংগাত স্নান কৰি বিশেষ পূজা সম্পন্ন কৰে।
Narendra Modi

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

বয়স অনুপাতে ভেকচিনৰ গুৰুত্ব, ৰক্তচাপ,কলেষ্ট'ৰেল সম্পৰ্কে বিশেষজ্ঞ চিকিৎসক ডাঃ ৰাকেশ পেৰিৱালে পৰামৰ্শ আগবঢ়ায়।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

অসম আৰক্ষীয়ে গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে।
Assam Police

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

বিজেপিৰ জ্য়েষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।

Narendra Modi

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত অন্যতম উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টি। এই সমষ্টিৰ পৰাই জেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰিব।

Narendra Modi

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

শতায়ুগৰকা পেঞ্চনপ্ৰাপ্ত মোহনমালা আজিও যেন তৰুণ । দীৰ্ঘদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্য পালনৰ পাছত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মোহনমালাক কৰ্মৰ পৰা অৱসৰ দিয়াৰ পাছতেই এতিয়া মোহনমালা নামৰ হাতীজনীয়ে কটাইছে আজৰি সময় ৷

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

লোকসভাৰ নিৰ্বাচনক লৈ দেশজুৰি শাসকীয় বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বাৰানসীত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে।

Narendra Modi

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

মুম্বাই মহানগৰত হোৱা প্ৰৱল ধূলিৰ ধুমুহা আৰু মুষলধাৰ বৰষুণৰ ফলত কালি ঘাটকোপাৰ অঞ্চলৰ এটা পেট্ৰ'ল পাম্পত লাগি থকা ১০০ ফুট উচ্চতাৰ বিলব'ৰ্ড খহি পৰে। ইয়াৰ ফলত ১৪ গৰাকী লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৪৩ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিমটো দিন। কাইলৈ দাখিল কৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। অহা ১ জুনত ৭ খন ৰাজ্য় আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

ডেৰাডুনৰ পৰা প্ৰদান কৰা ভেলী অৱ ৱৰ্ডছ সাহিত্য বঁটা-২০২৪ৰ বাবে অনুৰাধা শৰ্মা পূজাৰীৰ হৃদয় এক বিজ্ঞাপন শীৰ্ষক উপন্যাসখন মনোনীত কৰা হৈছে। এই বঁটাৰ অনুবাদিত সাহিত্যৰ শিতানত উপন্যাসখন মনোনীত হৈছে।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

ভাৰত আৰু ইৰাণৰ মাজত কালি চাবাহাৰৰ ছহিদ বেহেষ্টী বন্দৰ পৰিচালনাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়। বন্দৰ জাহাজ আৰু মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইণ্ডিয়ান প'ৰ্টছ গ্ল'বেল লিমিটেড আৰু ইৰাণৰ বন্দৰ আৰু সামুদ্ৰিক সংস্থাৰ মাজত এই চুক্তি স্বাক্ষৰ কৰে

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

বিশ্বনাথৰ উত্তৰ মৰল গাঁৱৰ বৰ নামঘৰত কালি নিশা কণ কণ শিশুসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হয়। শিশুসকলৰ মাজত আধ্যাত্মিক প্ৰতিভা বিকশিত কৰাৰ বাবে একশৰণ ভাগৱতী সমাজে এই প্ৰচেষ্টা চলাই আছে।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে দেলহী কেপিটেল্ছক ৪৭ ৰানত পৰাস্ত কৰে। এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত বাংগালুৰুৰ দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৮৭ ৰান কৰে।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক কালি তেওঁৰ নিজা বাসগৃহৰ পৰা দুৰ্নীতি নিবাৰক শাখাই আটক কৰে। দুৰ্নীতি নিবাৰক দলটোৱে অভিযান চলাই গোস্বামীৰ বাসগৃহৰ পৰা নগদ ৭৯ লাখ ৮৭ হাজাৰ ৫০০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

Tripura Forest Department in collaboration with the Asian Nature Conservation Foundation launches special operation to radio-collar ‘Moti', a rogue Elephant rampaging Human settlements and paddy fields

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

প্ৰয়াত বিৰুবালা ৰাভাৰ জন্মস্থান গোৱালপাৰা জিলাৰ ঠাকুৰবিলাত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

African Swine Flu affects Nagaland; Additional Deputy Commissioner, Phek, directs ban on slaughter of Pigs and Transport of Pigs and Pork

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান। আজি পুৱা ৯ বাজি ২০ মিনিটত তেওঁ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। সমাজসেৱিকা গৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ অসমৰ উদ্যোগত আৰু অসম প্ৰাকৃতিক কবি সন্মিলনৰ সহযোগত গুৱাহাটীৰ চানমাৰিস্থিত পেঞ্চনাৰছ ভৱনত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব পক্ষী দিৱস পালন কৰা হয়।

account_circle